জামুগুৰিহাটত আত্মসহায়ক গোটৰ পুখুৰীত বিষ দি দুই লক্ষাধিক টকাৰ মাছ নিধন দুষ্কৃতিকাৰীৰ

 12/14/2021 - 12:30
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটত পুখুৰীৰ পানীত দুষ্কৃতিকাৰীয়ে বিষ ঢালি লাখ লাখ টকাৰ মাছ নিধন কৰা কাৰ্য্য পুনৰ সংঘটিত হোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। জামুগুৰিহাটৰ উত্তৰাঞ্চল ধলাইবিলৰ দহগৰাকী যুৱকে 'অভিনন্দন' নামৰে এটি আত্মসহায়ক গোট খুলি অঞ্চলটোৰ মৰনাকুৰি চাপৰিৰ প্ৰায় দহবিঘা মাটিৰ পুখুৰীত মৎস্য পালন কৰি স্বাবলম্বিতাৰ পথ বাছি লৈছিল৷
 
বৰ্তমান সময়ত পুখুৰীটোৰ মাছ সমুহৰ ওজন প্ৰায় দুই তিনি কে:জি: হোৱাত গোটৰ সদস্য সকলে সেই সমূহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জনৰ আশা কৰিছিল৷ কিন্তু সোমবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে পুখুৰীত বিষ দিয়াৰ ফলত প্ৰায় দুই লক্ষাধিক টকাৰ মাছৰ মৃত্যু হল যাৰ ফলত গোটৰ সদস্য সকলৰ আশাৰ সপোন চুৰমাৰ হৈ পৰে৷
 
আজি পুৱাৰ ভাগত পুখুৰীৰ পানীত মাছ ওপঙি থকা দেখা পাই আত্মসহায়ক গোটৰ সদস্য সকল কিংকতৰ্ব্য বিমুৰ হৈ পৰে। উপায়হীন হৈ অভিনন্দন আত্মসহায়ক গোট টোৰ সদস্যসকলে এই ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত গোচৰ তৰিছে।উল্লেখ্য যে আজিৰ কিছুদিন পূৰ্বে জামুগুৰিহাটৰ আন দুটা পুখুৰীতো দুষ্কৃতিকাৰীয়ে বিষ দি লাখ লাখ টকাৰ মাছ নিধন কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।