গুৱাহাটীঃ উত্তৰ গুৱাহাটী পৰিবেশ সুৰক্ষা সমিতি, উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, ভাৰতীয় মজদুৰ সংঘ (উ.গু.), নৱোদয় ক্ৰীড়া সংগঠন, অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতি আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ সংঘবদ্ধ প্ৰয়াসৰে ২০১৯ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱস(৫ জুন) দুদিনীয়াকৈ ৪ আৰু ৫ জুনত অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত অনুষ্ঠিত হয়।
দিনৰ ১ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী কুলেন বড়োৱে। ইয়াৰ পাছতে দিনৰ ১.১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। ১.৪৫ বজাত শ্ল'গান লিখা প্ৰতিযোগিতা। দিনৰ ২.১৫ বজাত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ২.৪৫ বজাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।
প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সঞ্চালনা কৰা সভাত পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰতিমা বৰুৱা, সমাজকৰ্মী থানেশ্বৰ শৰ্মা, সমিতিৰ সদস্যা তথা ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমনি চৌধুৰী, ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ সদস্য ৰজ্ঞন শৰ্মা উপস্থিত থাকে।
সভাত বক্তাসকলে পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰাৰ উপৰি নিজ নিজ অঞ্চলৰ পৰিবেশ সুৰক্ষাৰ বাবে হাতে কামে লাগিবলৈ আহ্বান জনায়। কাইলৈ কাৰ্যসূচী দিনৰ ১১.৫৫ বজাত স্বচ্চতাৰ অভিযান(অশ্বক্লান্ত দেৱালয় চৌহদত চাফাই অভিযান) দিনৰ ১.৩০ বজাত বৃক্ষৰোপন আৰু সংৰক্ষণ। দিনৰ ২ বজাত সংকল্প অনুষ্ঠান।
দিনৰ ২.১৫ সমাজৰ সৰ্বসাধাৰণ মানুহৰ মাজত উত্তৰ গুৱাহাটীৰ পৰিবেশৰ ওচৰত মত বিনিময়। দিনৰ ৩ বজাত প্ৰকৃতিৰ মাজত মিলিজুলি এসাঁজৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিৰ তৰফৰ পৰা জগদীশ শৰ্মাই জানিবলৈ দিছে।