12/24/2021 - 14:37
in
অভয়াপুৰীঃ চৰকাৰী পৃষ্ঠপোষকতাত এইবাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আমতোলাত বন ধ্বংস। ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাই মাটি কাটি নিশ্চিন্ন কৰাৰ দিশে এখন পাহাৰ। বনবিভাগ, পৰিবহন বিভাগ, তথা একাংশ সংগঠনক মেনেজ কৰি ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত এইদৰে বঙাইগাঁৱৰ অভয়াপুৰীত চলিছে বনধ্বংস তথা পাহাৰ খনন কাৰ্য।
চকু মুদা কুলিৰ ভাৱত উত্তৰ শালমাৰা মহকুমা প্ৰশাসন আৰু বঙাইগাঁও জিলা প্ৰশাসন। পাহাৰ ধ্বংসত নিতৌ ব্যৱহৃত হয় ডাম্পাৰ৷ তুলুঙীয়া-আমতোলা পথেৰে ডাম্পাৰ চলাচল কৰি পৰিস্থিতি কৰি তুলিছে ভয়াৱহ । নিশা ইয়াকে লৈ আমতোলাত স্থানীয় ৰাইজে কৰি তোলে উত্তপ্ত পৰিস্থিতি। আবদ্ধ কৰে চাৰিখনকৈ ডাম্পাৰ। পিছত শালমাৰা আৰক্ষীয়ে ৰাইজে আবদ্ধ কৰা ডাম্পাৰ কেইখন আটক কৰি শালমাৰা আৰক্ষী চকীত লৈ আহে।