আজি ২০২১ বর্ষৰ অন্তিমটো দেওবাৰ, বটদ্ৰৱাথানত আশীষ লৈ আকাশী গংগাৰ তীৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ দল

 12/26/2021 - 14:50
 
 
বটদ্ৰৱাঃ চলিত ২০২১ বর্ষৰ আজি অন্তিমটো দেওবাৰৰ দিনা গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ তীৰ্থযাত্রী-দৰ্শনাৰ্থীৰ আগমন ঘটিছে। সম্প্ৰতি বনভোজৰ বতৰত ৰাজ্যখনৰ বনভোজস্থলী সমূহত আনন্দ উল্লাস পৰিৱেশ। তাৰ বিপৰীতে গুৰুজনাৰ জন্মস্থানত আধ্যাত্মিক পৰিৱেশৰ মাজত বনভোজ খাবলৈ আহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক। আকাশী গংগাৰ তীৰত কোনোৱে যদি ভাত ৰন্ধাত ব্যস্ত কোনোবাই আকৌ ব্যস্ত পাচলি কটাত, আন কোনোবা আকৌ চেলফি লোৱাত ব্যস্ত। বনভোজস্থলীত শাৰী-শাৰীকৈ জ্বলি উঠা চৌকাৰ দৃশ্য। বটদ্ৰৱা থানৰ আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজত আকাশী গংগাৰ তীৰৰ বনভোজ খোৱাৰ দৃশ্যই দৃষ্টিনন্দন হৈ পৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।