12/26/2021 - 17:48
in
কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলিৰ গাতে লাগি থকা টেঙাপানী প্ৰাকৃতিক সৌন্দৰ্য্যৰ অন্যতম মনোৰম বনভোজস্থলী। ৰেংবেং পাহাৰৰ পৰা টেঙাপানী নিগৰি ওলাই থকাৰ বাবে ঠাইখনৰ নাম টেঙাপানী হোৱা বুলি বিশ্বাস কৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমবেত হয়।
কঠিয়াতলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ তিনি কিঃ মি নিলগত টেঙাপানী অৱস্থিত। অতি পৰিতাপৰ কথা যে সেই স্থানলৈ যোৱা পথৰ অৱস্থা অতিকে শোচনীয়। বনভোজস্থলীত নাই প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। যাৰ বাবে ইয়াত বনভোজ খাবলৈ অহা লোকসকলে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে।
এই ক্ষেত্ৰত কোনো ধৰণৰ দৃষ্টি দিয়া নাই স্থানীয় পঞ্চায়ত অথবা বঢ়মপুৰ সমষ্টিৰ বিধায়কে। এই ক্ষেত্ৰত কঠিয়াতলীৰ পহৰা চকীৰ আৰক্ষী বিষয়া এইচ চি মহন্তই নিজা প্ৰচেষ্টাৰে নিজেই হাতে কামে লাগি সাজি ওলিয়াইছে কেইবাটাও অস্থায়ী প্ৰস্ৰাৱ ঘৰ।