12/26/2021 - 18:51
in
নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ ১০০ জনীয়া প্ৰচুৰ প্ৰতিভাসম্পন্ন আৰু দক্ষ যুৱ প্ৰতিভাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে বিধায়ক তৰংগ গগৈ আৰু বক্সাৰ লাভলীনা বৰগোহাঁইৰ নাম। নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰথমবাৰৰ বিধায়ক হিচাৰে নিৰ্বাচিত হোৱা যুৱ-বিধায়ক শ্ৰীযুত তৰংগ গগৈ অনাগত সময়ত অসমৰ ৰাজনীতিত বলিষ্ঠ কন্ঠ হ’ব উল্লেখ কৰিছে আলোচনীখনে। কংগ্ৰেছ শাসনকালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থাকি ৰাজনীতিৰ জগতখনত প্ৰৱেশ কৰা তৰংগ গগৈ ১০০জনীয়া তালিকাত ৩৭নং স্থান দখল কৰিছে।ৰাজনীতি, ব্যৱসায়, ক্ৰীড়া, মনোৰঞ্জন আদি সকলো দিশ সামৰি প্ৰস্তুত কৰা এই তালিকাত নাম অন্তভূূক্ত আছে লাভলীনা বৰগোহাঁইৰ নামো। দেশৰ আগশাৰী আলোচনী “India Today”ৰ ৪৬তম বৰ্ষপূতি উপলক্ষে প্ৰস্তুত কৰা হৈছে এই বিশেষ সংস্কৰণটি।