12/28/2021 - 12:23
in
চাপৰঃ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত ৰাভাপাৰাত চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাভাপাৰা গাঁৱৰ কেইবাজনো লোকৰ ঘৰৰ পৰা অভিযান চলাই প্ৰায় তিনিশ লিটাৰ চুলাই মদ ধ্বংস কৰে শালকোচা আৰক্ষীৰ চকীৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা এটা দলে। আৰক্ষীৰ দল অহাৰ কথা উমান পাই চুলাই বেপাৰী কেইটা পলাই যাবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, ৰাভাপাৰা গাঁৱত দীৰ্ঘদিনৰ পৰা চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল। শালকোচা আৰক্ষীৰ এনে অভিযান আগন্তুক দিনত চলিব বুলি জানিব দিয়ে আৰক্ষী বিষয়াজনে। আৰক্ষীৰ এনে অভিযানক সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হয়।