ডুমডুমাত হাতে-লোটে ধৰা পৰিল মটৰ চাইকেল চোৰ

 12/29/2021 - 12:19
 
 
ডুমডুমাঃ ডুমডুমাত বিগত কিছুদিনৰ পৰা মটৰ চাইকেল চুৰিৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ বাতৰি পোহৰলৈ অহা পিচত মঙলবাৰে হাতে-লোটে ধৰা পৰে এটা কুখ্যাত মটৰ চাইকেল চোৰ| সন্ধিয়া প্ৰায় 5:30 বজাত হাঁহচৰাৰ যুৱক পিন্টা বাউৰিৰ নিজ ঘৰৰ দুৱাৰমুখত ৰখাই থোৱা AS 06 V 7584 নম্বৰৰ ৰয়েল এনফিল্ড মটৰ চাইকেলখন চুৰ কৰি পলাবলৈ লওঁতে স্থানীয় একাংশ যুৱকে চোৰটোক হাতে-লোটে ধৰিবলৈ সক্ষম হয়| চোৰটোয়ে পলাবলৈ চেষ্টা কৰি স্থানীয় এগৰাকী যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি জখম কৰে|
 
জানিবলৈ পোৱা মতে এখন মটৰচাইকেলত 3 জন আহিছিল যদিও 2 জন পলাই যাবলৈ সক্ষম হয়| কৰায়ত্ব হোৱা যুৱকজন তিনিচুকীয়া বৰগুৰিৰ জানুমুখৰ নিৱাসী নিপুঞ্জয় দুৱৰা বুলি জানিবলৈ পোৱা গৈছে| উল্লেখ্য যে, যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়াৰ পিচত ডুমডুমা থানাৰ লগতে কেইবাটাও থানাত যুৱকজনৰ বিৰুদ্ধে মটৰ চাইকেল চুৰি গাড়ী চুৰি আৰু ডকাইতি আদিৰ কেইবাটাও গোচৰ ৰুজু হৈ থকা কথা পোহৰলৈ আহে| পূৰ্বৰ মটৰ চাইকেল চুৰিৰ ঘটনা সমুহ CC কেমেৰাত ধৰা পৰা মতে ডুমডুমাত সন্ত্ৰাসৰ সৃষ্টি কৰা মটৰ চাইকেল চুৰিৰ লগত জড়িত কেইবাজনীয়া এটা দল থকাৰ সন্দেহ কৰা হৈছে আৰু শীঘ্ৰে দলটোৰ সকলো সদস্যক কৰায়ত্ব কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।