01/05/2022 - 12:49
in
নিউজ ডেস্কঃ এইবাৰ আফ্ৰিকান ছোৱাইনফ্লুৰ আতংক। মাজুলী জিলাত এই ছোৱাইনফ্লুৱে লৈছে সংহাৰী ৰূপ। আফ্ৰিকান ছোৱাইনফ্লুৰ আতংকৰ মাজত মাজুলীৰ পশুপালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মহৰিচুক গাঁও আফ্ৰিকান ছোৱাইনফ্লুৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিছে। পশু চিকিৎসা বিভাগৰ এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। মহৰিচুক অঞ্চলৰ ১০ কিলোমিটাৰ ভিতৰ ব্যাসাৰ্ধৰ ভিতৰৰ গাহৰি এই ৰোগত আক্ৰান্ত হৈছে। এই ভাইৰাছ ধৰা পৰাৰ পাছতে মহৰিচুক গাঁৱৰ এক কিলোমিটাৰ ভিতৰৰ গাঁওসমূহত গাহৰিৰ মাংস আৰু গাহৰি লগত জড়িত যি কোনো খাদ্য বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে। ইফালে ৰাইজক সজাগ কৰিবলৈ আৰু তদন্ত কৰিবলৈ নিশা মহৰিচুকত ৰাজহচক্ৰ বিষয়া আৰু পশু চিকিৎসা বিভাগৰ দল উপস্থিত হয়।