01/05/2022 - 17:42
in
বাহাৰঘাটঃ কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত গড়পোট বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা বিদ্যালয়খনৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত এলানি কাৰ্য্যসূচী আৰম্ভ কৰিছে৷ উল্লেখ্য যে ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত কামৰূপ গ্ৰাম্য জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আৰম্ভ কৰা উক্ত কাৰ্য্যসূচীৰ ভিতৰত পূৱা গছপুলি ৰোপণ কৰে ক্ৰমে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধানশিক্ষক দ্বীজন চন্দ্ৰ লহকৰ, গগন চন্দ্ৰ কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গগন চন্দ্ৰ পাটোৱাৰী, প্ৰাক্তন সহঃশিক্ষক পৰেশ ডাউকা আৰু বসন্ত কুমাৰ পাটোৱাৰীয়ে৷
ইয়াৰ পিচতে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ লক্ষ্যৰে এটি আকৰ্ষণীয় শোভাযাত্ৰা উলিৱাই৷ শোভাযাত্ৰা উদ্বোধন কৰে সাংবাদিকদ্বয় নৰেন শৰ্মা আৰু প্ৰাঞ্জল কলিতাই৷ শোভাযাত্ৰাৰ মাজতে অঞ্চলটোত পৰিৱেশ সংৰক্ষণ শীৰ্ষক পোষ্টাৰ আৰি ৰাইজক সজাগ কৰে৷ ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত পোষ্টাৰ অংকন আৰু শ্ল’গান লিখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে৷