01/05/2022 - 17:53
in
মাৰ্ঘেৰিটাঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ফিল’বাৰী, ডিৰাক আৰু ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত মৰাণ জনজাতিক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমি সন্তান মৰাণ জনগোষ্ঠী। স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় বিগত পঞ্চাছ বছৰ ধৰি অনুসূচীত কৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সংগ্ৰাম চলাই আছে মৰাণ জনগোষ্ঠীটোয়ে। কিন্তু তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ হওক বা ৰাজ্য চৰকাৰেই হওক কোন এখন চৰকাৰেই আজিৰ তাৰিখ পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা নাই।
বৰ্তমান চৰকাৰখনে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক কঠোৰ সমালোচনা কৰিছে সংগঠনটোৱে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনায় যে খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলক যদি অতি শীঘ্ৰে স্বায়ত্ব শাসন প্ৰদান নকৰ, তেনেহলে ৰাজপথত ওলাই আহি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰ হুংকাৰ প্ৰদান কৰে।
অৱশেষত সংগঠনটোয়ে মৰাণ জনজাতীক অতিশীঘ্ৰে জনজাতীকৰণৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীভুক্ত শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।