দক্ষিন নগাঁৱত বন্যহস্তীৰ সন্ত্ৰাস

 01/06/2022 - 12:49
 
 
কামপুৰঃ বন্যহস্তীয়ে ত্ৰাসিত কৰিছে দক্ষিন নগাঁওবাসীক। প্ৰায় তিনিমাহ ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে সন্ত্ৰাস চলোৱাৰ পিছতো বনবিভাগে হাতীৰ জাকটো খেদিব নোৱাৰাত দিনে নিশাই শংকাত পৰিছে স্থানীয় ৰাইজ। প্ৰতিদিনে ন ন এলেকাত ক্ষতি সাধন অনুৰূপ ধৰণে বিগত তিনিদিন ধৰি হাতীৰ জাকটোৱে কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাৰুখুন্দা আৰু চানখোলা পঞ্চায়তত সন্ত্ৰাস চলাই হাতীৰ জাকটোৱে।হাতীৰ জাকটোৱে বহুলোকৰ বাৰীৰ কলগছ ভড়ালৰ ধান খাই তহিলং কৰিছে। নিশা কাৱৈমাৰী গাঁৱৰ নিৰ্মল নাথৰ ভড়াল ভাঙি ধান খাই হাতীৰ জাকটোৱে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।