ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ মৃত্যু

 01/06/2022 - 15:18
 
 
নিউজ ডেস্কঃ বুধবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল চলাই থাকোতে মহিলা চেম্পিয়ন চাইকেলিষ্ট খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে শ্বাহনাজ পাৰবীনে। শ্বাহনাজ পাৰবীনে ইণ্ডিয়ান চাইকেলিষ্ট সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত ১৮৬০ কিলোমিটাৰ চাইকেল চলাই আৰু ৩৬৯ কিলোমিটাৰ দৌৰি প্ৰথম স্থান লাভ কৰিছিল।
 
যাৰ পিছত শ্বাহনাজ পাৰবীনক এই সাফল্যৰ বাবে কোটাত সন্মানিত কৰা হৈছিল।বৰ্তমান অভিজ্ঞ চাইকেলিষ্ট গৰাকীৰ নশ্বৰ দেহ জিলা চিকিৎসালয়ৰ শৱগৃহত ৰখা হৈছে। জানিব পৰা মতে, চাইকেল আৰোহী শ্বাহনাজ পাৰবীনে পুৱা ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলৰ অনুশীলন কৰি থকা সময়তে কেজিএন মহাবিদ্যালয়ৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।