বিহালী মহাবিদ্যালৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ বিতৰণ

 01/06/2022 - 16:42
 
 
 
বিহালীঃ বিহালীৰ উচ্চ শিক্ষানুষ্ঠান 'বিহালী মহাবিদ্যালয়ৰ শিক্ষক গোটে বিভিন্ন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ন-বস্ত্ৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰখনত প্ৰেৰণা যোগাই আহিছে। যোৱাকালি মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° টুনটুন বৰা'শিক্ষক গোটৰ সম্পাদক অধ্যাপক ড° বিনুদ চুবেদী'অসমীয়া বিভাগৰ অধ্যাপক ড°হেমন্ত বৰা",অধ্যাপক  ৰাজীব মহন্ত , চঞ্জিব কুমাৰ ছেত্রী, ড মিতালী দাস,বৰ্ণালী মহন্ত, ড মধুস্মিতা চৌধুৰী , জয়ন্ত হাজৰিকা, নকুল কালন্দী( ৱাৰ্ড সদস্য) উপেন ভুমিজ  আধাৰ কালন্দী (গাঁওৰক্ষীবাহিনীৰ সদস্য), ড গুণজিৎ কলিতা, সুনিল দাস, মুকুল হাজৰিকা, ৰবিন গোস্বামী আদিৰ নেতৃত্বত দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়।
 
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুৰ্মী গঞ্জু শিক্ষক মুনিন বৰাৰ লগতে বৰগাং অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰেমলাল গঞ্জুৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়। ড° টুনটুন বৰাই আতঁ ধৰা সভাখনত অধ্যাপক সকলৰ লগতে সমাজকৰ্মী প্ৰেমলাল গঞ্জু 'সাংবাদিক খগেন মটক আদিয়ে বক্তব্য ৰাখে। ভবিষ্যতে বিহালীৰ সীমামূৰীয়া অঞ্চলত এই কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।