উত্তৰ প্ৰদেশৰ বৰেলীস্থিত সুভাষনগৰত লোমহৰ্ষক হত্যাকাণ্ডঃ ভাই বোৱাৰীক পলুৱাই নিয়া যুৱকক গুপ্তাংগ কাটি হত্যা

 01/09/2022 - 14:45
 
 
নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ বৰেলীস্থিত সুভাষনগৰত লোমহৰ্ষক হত্যাকাণ্ড। ভাই বোৱাৰীক পলুৱাই নিয়া যুৱকক গুপ্তাংগ কাটি হত্যা। গুপ্তাংগ কাটি হানি–খুচি হত্যা কৰে লোকজনক।
 
জানিব পৰা মতে, ৰাহুল নামৰ এজন যুৱকে অভিযুক্ত চন্দ্ৰপালৰ ভাই বোৱাৰীক পলুৱাই নিছিল। আৰু সেইবাবেই চন্দ্ৰপালে এইদৰে নৃশংসভাৱে হত্যা কৰে ৰাহুলক। আৰক্ষীৰ মতে, চন্দ্ৰপালৰ পৰিয়ালে দিন হাজিৰা কৰিবলৈ হাৰিয়ানাৰ ঝজ্জৰলৈ গৈছিল।
 
তাতেই তেওঁৰ ভাই বোৱাৰীয়েকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰাহুলৰ।
তাৰ পিছতে ৰাহুলৰ সৈতে পলাই যায় মহিলাগৰাকী। চন্দ্ৰপালে মহিলাগৰাকীক ওভতাই পঠিয়াবলৈ ৰাহুলক কৈছিল যদিও ৰাহুল অমান্তি হয়। যাৰ ফলত খঙতে চন্দ্ৰপালে হত্যা কৰে ৰাহুলক।
 
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চন্দ্ৰপালক। জেৰাত চন্দ্ৰপালে স্বীকাৰ কৰে যে তেওঁৰ ভাতৃৰ পত্নী তেওঁৰ লগতে আছিল। সেই সময়তে ৰাহুলৰ সৈতে ভাই বোৱাৰীয়েকৰ প্ৰেম আৰম্ভ হয়।
 
তাৰ পিছতে মহিলাগৰাকীয়ে ৰাহুলৰ ঘৰলৈ গুচি যায়। এই ঘটনাৰ পিছতে চন্দ্ৰপালে ৰাহুলৰ ঘৰলৈ যায় যদিও ৰাহুলে মহিলাগৰাকীক ওভতাই পঠিয়াবলৈ অমান্তি হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।