দেশৰ স্বাস্থ্য ক্ষেত্ৰত নতুন সংযোজনঃ কাৰ্বি আংলঙৰ দুৰ্গম এলেকাত ভাৰতৰ প্ৰথমটো 'মাতৃ ঘৰ' মুকলি

 01/10/2022 - 13:23
 
 
বোকাজানঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ দুৰ্গম এলেকা তাৰাপুং-বৰপুং নামৰ ঠাইত মুকলি কৰা হ’ল মাতৃসকলৰ নিৰাপদ প্ৰসৱৰ বাবে মাতৃ গৃহ৷ ভাৰত চৰকাৰৰ অনুমোদনৰ পিছতে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাৰ বাবে মুকলি হ’ল এই “মাতৃ ঘৰ”। কাৰ্বি পৰিষদৰ স্বাস্থ্য বিভাগৰ EM খনছিং ৰংপিয়ে কেন্দ্ৰীয় চৰকাৰলৈ লিখিছিল এক পত্ৰ৷
 
কাৰ্বি পাহাৰৰ অতি পিছপৰা দুৰ্গম এলেকা বৰপুং-তাৰাপুঙৰ ছাৰিহুটি বে’ গাঁৱত মুকলি কৰা হ’ল ভাৰতৰ প্ৰথমটো “মাতৃ ঘৰ”। উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত এই সেৱা উপলব্ধ কৰোৱাৰ বাবে কাৰ্বি পৰিষদৰ স্বাস্থ্য বিভাগৰ EM খনছিং ৰংপিয়ে অলপতে কেন্দ্ৰীয় চৰকাৰলৈ লিখিছিল পত্ৰ লিখাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি লাভ কৰি কাৰবি আংলঙৰ মাতৃসকলৰ বাবে এই মাতৃ গৃহৰ আনুষ্ঠানিকভাবে মুকলি কৰা হয়৷
 
প্ৰান্তীয় এলেকাৰ এই ঘৰটোত আছে ছগৰাকী গৰ্ভৱতী মহিলাক একেলগে ৰাখিব পৰাকৈ ছয়খন সুকীয়া বিছনা আৰু স্বাস্থ্য পৰিসেৱাৰ সকলো সুবিধা। প্ৰসৱৰ কমেও এসপ্তাহ পূৰ্বে এই “মাতৃ ঘৰত গৰ্ভৱতী মহিলাগৰাকীক সযতনে ৰাখি প্ৰসৱৰ সময়ত যাতে অতি সহজে স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়লৈ প্ৰসূতিগৰাকীক নিৰাপদ প্ৰসৱ কৰাব পাৰে তাৰ বাবেই এনে পদক্ষেপ স্বাস্থ্য বিভাগৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।