01/12/2022 - 15:15
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফলবাৰী গাঁৱৰ পৰা কালি সন্ধিয়া বিশেষ সূত্ৰৰ পম খেদি সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি সাতটা প্লাষ্টিকৰ কন্টেইনাৰসহ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত যুৱকজন গোমাফুলবাৰী গাঁৱৰ মহচেৰ আলীৰ পুত্ৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীব নেওগৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী এই অভিযানত সাতটা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে। ধৃত ছফিকুল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। ধৃত যুৱকজনক আজি বৰপেটা আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া ৰাজীব নেওগে।