01/12/2022 - 17:12
in
নিউজ ডেস্কঃ বুধবাৰে কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত সমস্যাৰ বুজ ল’বলৈ উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ প্ৰাদেশীকৰণ সম্পন্ন হ’ল যদিও মহাবিদ্যায়খনৰ আন্তঃগাঁথনি, প্ৰশাসনিক আৰু শৈক্ষিক বিভিন্ন দিশত সমস্যাৰে জৰ্জৰিত হৈ আছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি আৰু সমস্যাৰ বুজ লবলৈ মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ জিৰণি ৰুমত এক আলোচনাত অংশ লয়।
আলোচনাৰ অন্তত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত চাৰুকলা মহাবিদ্যালয়খনে সন্মুখীন হোৱা অসুবিধাৰ বুজ লোৱা বুলি মন্তব্য কৰি সমস্যা সমাধানৰ পোষকতা কৰিছে। তদুপৰি মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে৷ বহু হাজাৰ হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয় বুলি মন্তব্য কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বছৰটো কষ্ট কৰি ধান উৎপাদন কৰাৰ পিছত ঘৰতে পিঠা বনাই এসাজ মাছে-মাংসই খোৱাটোহে হ’ল ভোগালী বিহু। বিহুৰ দিনাখন আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ঈশ্বৰৰ প্ৰতি নৈৱেদ্য আগবঢ়াই নিজে খাওঁ।