01/12/2022 - 18:09
in
চাপৰঃ হেঁপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত। নানা ধৰণৰ ভেলাঘৰ নিৰ্মাণত ব্যস্ত অসমবাসী। SOPৰ মাজটো যেন ম্লান পৰা নাই ভোগালীৰ আনন্দ। ব্যতিক্ৰম নহয় ধুবুৰী-বঙাইগাৱ সীমান্তৱৰ্তী বইটামাৰী তালগুৰিৰ যুৱক-যুৱতীসকল। কাল ক'ৰনায় যাতে বিশ্বৰ বুকুৰ পৰা নিষ্পত্তি হৈ যায় তাৰ কামনাৰে তালগুৰিত ট্ৰাকৰ গাড়ীৰ আৰ্হিত ক'ৰনা ভাইৰাছ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰে গাঁৱবাসীয়ে।
মেজিৰ জুইয়ে পৃথিৱীৰ বুকুৰ পৰা নাশ কৰক ক'ৰনা ভাইৰাছ তাৰে কামনা গঞা ৰাইজৰ। ইপিনে সম্প্ৰতি অসমৰ বুকুৰ পৰা বিলীন হৈ যাব ধৰা উৰুলি, ঢেঁকি, নাঙল-জঙাল, কোৰ, গোহালী ঘৰ প্ৰদৰ্শনী মূলকভাৱে নিৰ্মাণ কৰি উঠি অহা নৱ-প্ৰজন্ম চহা কৃষকৰ ব্যৱহৃত সামগ্ৰীসমূহক চিনাকি কৰাৰ উদ্দেশ্যেৰে এই প্ৰদৰ্শনী। উৰুকাৰ দিনা ক'ভিড প্ৰট'কল পালন কৰি গঞা ৰাইজে লগে-ভাগে এই ভেলাঘৰৰ সন্মুখত এসাঁজ খোৱাৰ উদ্দেশ্যৰে এইদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে।