দুদিন পূৰ্বে হত্যাৰ বলি হোৱা জুৰীয়াৰ কালিয়াডিঙা গাঁৱৰ গুলজাৰ হোছেইনৰ বাসগৃহত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

 01/12/2022 - 18:59
 
 
বটদ্ৰৱাঃ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আজি উপস্থিত হয় জুৰীয়াৰ কালিয়াডিঙা গাঁৱত দুদিন পূৰ্বে হত্যাৰ বলি হোৱা গুলজাৰ হোছেইনৰ বাসগৃহত। আৰক্ষী অধীক্ষক গৰাকীয়ে মৃত গুলজাৰ হুছেইনৰ পৰিয়ালৰ লগত মত বিনিময় কৰি সমগ্ৰ ঘটনাৰ বুজ লয়। কোনে কোনে কি কাৰণে যোৱা ৯ জানুৱাৰীত পুৱাই গুলজাৰ হুছেইনক লোকৰ আগত হানি খুচি হত্যা কৰিছিল?
 
তাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে। আনন্দ মিশ্ৰৰ সন্মুখত মৃত গুলজাৰৰ চাৰিটা কণ কণ সন্তানে হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ লগতে ফাঁচী দিয়াৰ দাবী জনায়। হত্যাকাৰীক ইতিমধ্যে চিনাক্ত কৰা বুলি আনন্দ মিশ্ৰই মন্তব্য কৰে। হত্যাকাৰীক আইনৰ জৰিয়তে কঠোৰ শাস্তি বিহা হ’ব বুলি আনন্দ মিশ্ৰই আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে, মাটি বাৰী সন্দৰ্ভত যোৱা ৯ জানুৱাৰীত গুলজাৰ হুছেইনক হত্যা কৰা হৈছিল।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।