অযোধ্যাৰ ৰামললা মন্দিৰ দৰ্শন কৰিব উদ্ধৱ থাকৰেয়ে

 06/06/2019 - 15:02

ডিজিটেল ডেস্কঃ সংসদীয় অধিবেশনৰ পূৰ্বে অযোধ্যাৰ ৰামললা মন্দিৰ দৰ্শন কৰিব শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেয়ে৷ উল্লেখ্য যে লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেৰে অযোধ্যাৰ ৰামললা মন্দিৰ দৰ্শন কৰি জয়ী হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছিল। পিছত বিজেপিৰ সৈতে চৰকাৰ গঠন কৰি পুনৰ অযোধ্যা দৰ্শনৰ বাবে মন মেলিছে শিৱসেনাৰ নেতাগৰাকীয়ে।

জানিব পৰা মতে অহা ১৫ জুনত শিৱসেনাৰ নেতাগৰাকীয়ে নৱ নিৰ্বাচিত আন ১৮ গৰাকী সাংসদক লগত লৈ ৰামললা মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব৷ উল্লেখ্য যে অহা ১৭ জুনৰ পৰা সংসদীয় অধিবেশন আৰম্ভ হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।