আৰক্ষীত যোগদানৰ হেঁপাহ আছিল আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল বৰাৰ..

 01/23/2022 - 18:29
 
 
নিউজ ডেস্কঃ নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি৷ আৰক্ষীৰ ভাষ্য মতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল ছাত্ৰনেতাজনে। কিন্তু পৰিয়ালৰ অভিযোগ পৰিকল্পিতভাৱে আৰক্ষীয়ে কৰিছিল গুলীচালনা। গুলী চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ বিস্ফোৰক অভিযোগ।
 
গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগ আৰক্ষী অধীক্ষকগৰাকীৰ। ছাত্ৰনেতাজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰা বুলিও চাঞ্চল্যকৰ মন্তব্য কৰিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। আৰক্ষীক আক্ৰমণ কৰোতে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিবলৈ দিছে অধীক্ষকগৰাকীয়ে। কিন্তু সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত।
 
পৰিয়ালৰলোকে অস্বীকাৰ কৰিছে আৰক্ষীৰ সমগ্ৰ অভিযোগ। মাতৃৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে ৰাজপথত এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰা প্ৰত্যক্ষ কৰিছিল ছাত্ৰনেতা কীৰ্তিকমল বৰাই। আনহাতে, আৰক্ষীত যোগদান কৰাৰ কথা আছিল কীৰ্তিকমল বৰাৰ। এতিয়া আৰক্ষীৰ গুলীতে চিৰদিনৰ বাবে ঘূণীয়া হ’ল কীৰ্তি! কান্দি কান্দি কেমেৰাৰ সন্মুখত ক’লে কীৰ্তিৰ জ্যেষ্ঠ ভাতৃয়ে। জ্যেষ্ঠ ভাতৃ কৌস্তভ কমলকো গুলীওৱাৰ ভাবুকি দিয়াৰ অভিযোগ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।