চৰকাৰৰ নিৰ্দেশনা, শিক্ষক-শিক্ষয়িত্ৰীয়ে ৩ বছৰলৈ আন চাকৰিত কৰিব নোৱাৰিব আবেদন

 01/24/2022 - 15:43
 
 
নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰা এক জাননীত এক নিৰ্দেশনা দিয়া হৈছে। তিনি বছৰলৈ শিক্ষা বিভাগৰ কোনো চাকৰিয়ালে আন বিভাগত চাকৰিৰ আবেদন কৰিব নোৱাৰিব৷ এই নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগত চাকৰি কৰা শিক্ষক বা আন সকলো ৰাজ্য চৰকাৰৰ কৰ্মচীৰীয়া সৰ্বাধিক তিনি বছৰলৈ ৰাজ্য চৰকাৰৰ সমান পদবী বা গ্ৰেডৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব।এই নিৰ্দেশনাত এইটোও কোৱা হৈছে যে কোনো চাকৰিয়ালে যদি এই নিৰ্দেশ অমান্য কৰাৰ তথ্য লাভ কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।