ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহৰ ১২৮ বছৰ

 01/28/2022 - 17:41
 
 
নিউজ ডেস্কঃ পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে অতিক্ৰম কৰিলে ১২৮ বছৰ। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰঙৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত বৃটিছে কৃষকৰ ওপৰত গুলীচালনা কৰিছিল। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়। হিন্দু-মুছলমান নিৰ্বিশেষে এই বিদ্ৰোহত থিতাতে নিহত হৈছিল ১৪০ জন কৃষকৰ আৰু আহত হৈছিল ১৫০ জন লোক। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক দিছিল এক নতুন মাত্ৰা। নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মম ভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তুলিছিল। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।