01/29/2022 - 15:19
in
টীয়কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৭তম দ্বি-বাৰ্ষিক অধিবেশন খনি তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰূপায়ণ কৰে হোলোঙাপাৰ শাখাৰ গজপুৰিয়া পথাৰত। চৰকাৰী ক’ভিড প্ৰটকল মানি আয়োজন কৰা অধিবেশনখনি বিভিন্ন কাৰ্য্যসূচী লগতে এখন "মুকুটি নিদানা" নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
আজি কাৰ্য্যসূচী দ্বিতীয় দিনা সংঘৰ প্ৰদাধিকাৰ শ্ৰী শ্ৰী কমলাকান্ত গগৈ উপস্থিত থাকে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা অধিবেশন খনিত উপস্থিত হৈ প্ৰদাধিকাৰ গৰাকীয়ে শংকৰদেৱৰ সৃষ্টি ৰাজিক বিশ্বব্যাপী প্ৰচাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখাৰ, লগতে দেশৰ সকলো স্থানতে সংঘৰ শাখা প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। ইফালে আগন্তুক সংঘৰ অধিবেশন খনি আয়োজন বাতিল কৰিলে যদিও পুনৰ ফেব্ৰুৱাৰী শেষৰ পিনে পতাৰ কথা উল্লেখ কৰে।