'শত্ৰুৰ প্ৰথম লক্ষ্য মই আৰু মোৰ পৰিয়াল কিন্তু আমি দেশক গাড্ডাৰী নকৰোঁ'- ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

 02/25/2022 - 14:28

 

নিউজ ডেস্কঃ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই আক্ৰমণ কৰে ইউক্ৰেইনক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়া সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই।

 

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ ফলত দেশখনত বিভীষিকাৰ সৃষ্টি হৈছে। আতংকময় পৰিৱেশৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এটা ভিডিঅ’ বাৰ্তা পোহৰলৈ আহিছে য’ত তেওঁক তেওঁৰ পত্নী আৰু সন্তানৰ বিষয়ে কওঁতে অসহায় আৰু আৱেগিক দেখা গৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে যে ”ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্যত মই প্ৰথম স্থানত আছোঁ আৰু মোৰ পৰিয়াল দ্বিতীয় স্থানত আছে। মই আৰু মোৰ পৰিয়াল বিশ্বাসঘাতক নহয়।

 

আমি ইউক্ৰেইনৰ পৰা পলায়ন নকৰোঁ।” ভিডিঅ’টোত আৱেগিক হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে পুনৰ কৈছে “মই ইউক্ৰেইনত আছোঁ। মোৰ পৰিয়াল ইউক্ৰেইনত আছে। মোৰ ল’ৰা-ছোৱালী ইউক্ৰেইনত আছে। তেওঁলোক বিশ্বাসঘাতক নহয়… তেওঁলোক ইউক্ৰেইনৰ নাগৰিক। আমি তথ্য পাইছো যে শত্ৰুৱে মোক প্ৰথম লক্ষ্য কৰি তুলিছে। মোৰ পৰিয়াল তেওঁলোকৰ দ্বিতীয় লক্ষ্য।”জেলেনস্কিয়ে তেওঁৰ আৱেগিক বাৰ্তাত আৰু কৈছিল যে ৰাছিয়ান চৰকাৰে তেওঁক আঁতৰাব বিচাৰে।

 

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয়, “ৰাছিয়াই ইউক্ৰেইনৰ মুৰব্বীক আঁতৰ কৰিব বিচাৰে আৰু ইউক্ৰেইনৰ ৰাজনৈতিক ক্ষতি কৰিব বিচাৰে।” জেলেনস্কিয়ে কৈছিল যে তেওঁ পোনপটীয়াকৈ নাটোৰ ২৭ জন ইউৰোপীয় নেতাক প্ৰশ্ন কৰিছিল যে ইউক্ৰেইনে নাটোত যোগদান কৰিব নেকি? কোনেও উত্তৰ দিয়া নাছিল, সকলোৱে ভয় কৰে, কিন্তু আমি ভয় নকৰোঁ, আমি একো ভয় নকৰোঁ। তেওঁ লগতে কয়, “আমি আমাৰ দেশক বচাবলৈ ভয় নকৰোঁ… আমি ৰাছিয়াক ভয় নকৰোঁ। আমি ৰাছিয়াক কথা ক’বলৈও ভয় নকৰোঁ।”

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।