ৰাছিয়াৰ সৰ্বত্ৰে উচ্চাৰিত হ’ল এটাই ধ্বনি, যুদ্ধ আমাক নালাগে

 02/25/2022 - 16:06

 

নিউজ ডেস্কঃ মধ্য মস্কোত ২,০০০ লোক সমবেত হৈছিল, আনহাতে পিটাৰ্ছবাৰ্গত হোৱা আক্ৰমণৰ বিৰুদ্ধে ১,০০০ ৰো অধিক লোকে প্ৰতিবাদ কৰিছিল। দৰাচলতে, পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশৰ পিছত, ৰাছিয়াৰ বহুতো লোকে ছ’চিয়েল মিডিয়াৰ সহায় লৈ লোকসকলক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ অনুৰোধ জনাইছিল। মস্কোত প্ৰতিবাদকাৰীসকলে “যুদ্ধ আমাক নালাগে” শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাছিয়াত হাজাৰ হাজাৰ লোকে ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত, আৰক্ষীয়ে প্ৰায় ১,০০০ লোকক আটক কৰে, সমান্তৰালকৈ প্ৰাক্তন ৰাজকীয় ৰাজধানী ছেইণ্ট পিটাৰ্ছবাৰ্গত ১,০০০ তকৈও অধিক লোক সমবেত হৈছিল, সেই প্ৰতিবাদকাৰীসকলকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।