প্ৰকাশ পালে সূচী, দুবাৰকৈ অনুষ্ঠিত হ’ব JEE মেইনৰ পৰীক্ষা

 03/02/2022 - 13:10

 

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এইবাৰ দুবাৰকৈ অনুষ্ঠিত কৰিব JEE Main 2022 পৰীক্ষা। JEE Main 2022ৰ প্ৰথম ছীজন এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু দ্বিতীয়টো মে’ত অনুষ্ঠিত হ’ব। জে ই ই মেইন-২০২২ ৰ বাবে আবেদন প্ৰক্ৰিয়া ১ মাৰ্চ ২০২২ আৰু প্ৰথম পৰীক্ষাৰ বাবে জে ই ই মেইন আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ।

 

নেচনেল টেষ্টিং এজেন্সীয়ে জে ই ই মেইন-২০২২ৰ তাৰিখ ঘোষণা কৰাৰ সময়ত কয় যে, প্ৰথম ছিজন ১৬ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত আৰু দ্বিতীয় ছিজন ২৪ মে’ৰ পৰা ২৯ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলে JEE Main 2022ৰ বিৱৰণৰ বাবে jeemain.nta.nic.in অফিচিয়েল ৱেবছাইট দৰ্শন কৰিব পাৰে। JEE Main দুখন কাকতৰ বাবে হ’ব। প্ৰথম কাকতখন BE আৰু BTec পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কম্পিউটাৰ আধাৰিত হ’ব। যদিও পেপাৰ 2A আৰু পেপাৰ 2B-ৰ বাবে গণিত আৰু দক্ষতা পৰীক্ষা সচৰাচৰ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।