বাশবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত অঘটন
নকল যোগান ধৰাৰ অপৰাধত পাচগৰাকী শিক্ষক- শিক্ষয়িত্ৰীক বহিস্কাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্র -ছাত্ৰীক নহয়,এইবাৰ বহিস্কাৰ হল পাচগৰাকীকৈ শিক্ষক
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বাশবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত আজি অসমীয়া বিষয়ৰ পৰীক্ষাত পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অপৰাধত পাচ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক বহিস্কাৰ কৰে কেন্দ্ৰটোৰ দায়িত্বত (external officer) পৰীক্ষা নিৰীক্ষক অমৰ সিং ব্ৰহ্মই।
অভিযোগ অনুসৰি, পৰীক্ষাৰ দায়িত্ব নথকা স্বত্বেও পৰীক্ষা কেন্দ্ৰটোত কেৱল নকল যোগান ধৰাৰ স্বাৰ্থত প্ৰবেশ কৰিছিল এই শিক্ষক শিক্ষয়িত্ৰী কেইজন।
পৰীক্ষা চলি থকা সময়তে শিক্ষক শিক্ষয়িত্ৰী কেইজনে মবাইলত প্ৰশ্নৰ উত্তৰ লিখি থকা অৱস্থাত কেন্দ্ৰটোৰ পৰীক্ষা নিৰীক্ষকে প্ৰত্যক্ষ কৰি শিক্ষক শিক্ষয়িত্ৰী পাচজনক বহিস্কাৰ কৰে।
উল্লেখ্য যে,প্ৰতিবছৰৰ দৰে এইবেলিও শিক্ষক শিক্ষয়িত্ৰী কেইজনে জিৰণি কোঠাত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ প্ৰশ্নৰ উত্তৰ লিখি পৰীক্ষাৰ্থীৰ মোবাইলত যোগান ধৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
বহিস্কৃত শিক্ষক শিক্ষয়িত্ৰী কেইজন হৈছে ক্ৰমে,ডিংডিংগা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মহাদেৱ ৰায়, বাশবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক কৃষা ফৌজীদাৰ,কুৰ্শাকাটি হাইস্কুলৰ সহকাৰী শিক্ষক নিৰঞ্জন সৰকাৰ,ইউ এন ব্ৰহ্ম একাডেমিৰ সহকাৰী শিক্ষক অমৰ ব্ৰহ্ম আৰু বীনা ব্ৰহ্ম।
আজিৰ এই ঘটনাৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।