03/18/2022 - 12:59
in
আজি ৰঙৰ উৎসৱ ফাকুৱা
আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ চৌদিশ
হোলী গীতৰে মুখৰিত হৈ পৰিছে বিভিন্ন সত্ৰ
বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰতো উলহ মালহেৰে পালন কৰা হৈছে দৌল উৎসৱ।
দৌল উৎসৱৰ উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে বৰপেটাত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
বৰপেটাৰ সত্ৰৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱাকলৈ ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে
গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱাতো উলহ মালহেৰে ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন কৰা দেখা গৈছে ।
উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো ব্যাপক আয়োজন কৰা দেখা গৈছে দৌল উৎসৱৰ।