পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰ পৰাই মাৰ্ঘেৰিটাত কোনে হৱ পৌৰপতি ইয়াক লৈ সমগ্ৰ মাৰ্ঘেৰিটাতেই বহুল ভাৱে চৰ্চিত হৈছে।
চলিছে এতিয়া পৌৰপতি কেন্দ্ৰীক ৰাজনীতি।
পৌৰপতি পদবীকলৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা।
মাৰ্ঘেৰিটাৰ একাংশ জনতাই পৌৰপতি হিচাপে বিচাৰিছে ৩১ বছৰ ধৰি বিজেপিৰ কৰ্মকৰ্তা হিচেপে জৰিত ভীম কৰ্মকাৰক।
তেঁও এক মাত্ৰ ব্যক্তি যিজনে দু-বাৰ জিলা সম্পাদক, ছয়-বাৰ জিলা উপ-সভাপতি, তিনি-বাৰ মাৰ্ঘেৰিটা বিজেপি সদৰ মণ্ডল সভাপতি, তিনিবাৰ কৈ মাৰ্ঘেৰিটা পৌৰসভাৰ ওৱাৰ্ড কমিচনাৰৰ আসন গ্ৰহন কৰে।
তেঁৱেই হৈছে মাৰ্ঘেৰিটাৰ একমাত্ৰ ব্যক্তি যিজনে ২০০৩ চনত কংগ্ৰেছ শ্বাসন কালতে বিজেপিৰ সদস্য হিচাপে মাৰ্ঘেৰিটাৰ ওৱাৰ্ড কমিচনাৰৰ সদস্যতা লাভ কৰে।
ভীম কৰ্মকাৰে ভাৰতীয় জনতা পাৰ্টিৰ হৈ পশ্চিমবঙ্গ আৰু নগাঁওত এম.পি. ইলেক্চনত প্ৰচাৰক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
তেঁৱেই এটা সময়ত বিজেপিৰ প্ৰচাৰৰ সময়ত দুৰ্বৃত্যৰ গুলি খাৱলগিয়া হৈছিল