আজি বিশ্ব যক্ষ্মা দিৱস

 03/24/2022 - 14:14

আজি বিশ্ব যক্ষ্মা দিৱস
সমগ্ৰ বিশ্বৰ লগতে ২৪ মাৰ্চৰ দিনটো অসমৰ বিভিন্ন জিলাতো পালন কৰে বিশ্ব যক্ষ্মা দিৱস 
বিশ্ব যক্ষ্মা দিৱস  লগত সংহতি ৰাখি বৃহস্পতিবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলে আয়োজন কৰে এক সজাগতাৰ কাৰ্য্যসুচী 


এই দিৱস যক্ষ্মা ৰোগৰ সজাগ সৃষ্টি কৰাই হৈছে প্ৰধান লক্ষ্য ৷ আনহাতে সজাগতা বৃদ্ধি কৰাৰ বাবে মুকাভিনয় দ্বাৰা  এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰা হয় ৷

অসমৰ বিভিন্ন জিলাৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়টো দেখা গল যক্ষ্মা ৰোগৰ সজাগতা মুলক কাৰ্য্যসুচী ৷
পূৱাই চিকিৎসালয়খনৰ কিছু স্বাস্থ্যকৰ্মীয়ে মৰিগাঁও সদৰকে ধৰি বহু খিনি ঠাই অতিক্ৰম কৰি এক ৰেলীৰ জৰিয়তে ৰাইজক যক্ষ্মা ৰোগ প্ৰতিৰোধৰ সজাগতা সৃষ্টি কৰে ৷
আনহাতে বিশ্ব যক্ষ্মা দিৱসৰ লগত সংহতি ৰাখি মৰিগাঁও চিকিৎসালয়ত এখন মুকলি সভাৰো আয়োজন কৰে ৷উক্ত সভাত চিকিৎসা কৰ্মী সকলৰ লগতে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা° ফণি পাঠক আৰু বহুকেইজন স্বাস্থ্য বিষয়া উপস্থিত থাকে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।