প্ৰতিদিনে বিমানেৰে যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি, ২০২৪ চনত ৪০০ মিলিয়ন যাত্ৰীক বিমানযাত্ৰাৰ সুবিধা দিয়াৰ লক্ষ্য

 03/26/2022 - 15:08

 

নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত ৪০০ মিলিয়ন যাত্ৰীক বিমানযাত্ৰাৰ সুবিধা দিয়াৰ লক্ষ্য বান্ধি লৈছে। যোৱা এসপ্তাহত ৩,৮২ হাজাৰ যাত্ৰীয়ে উৰাজাহাজেৰে যাত্ৰা কৰিছে। দেশত মহিলা পাইলটৰ সংখ্যাও ১৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৪ চনলৈকে দেশত ৭৪টা বিমান বন্দৰ আছিল ভাৰতত। কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে ৬৬টা নতুন বিমানবন্দৰ নিৰ্মাণ হৈছে। ২০২৫ত কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য দেশত বিমান বন্দৰৰ সংখ্যা ২২০ কৰাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।