ঢোল-পেঁপা-গগনাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ আকাশ-বতাহ

 03/27/2022 - 18:57

 

জামুগুৰিহাটঃ অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি৷ ঢোল-পেপা-গগনাৰ মাতত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷ কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত আজিৰপৰা ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা৷ য’ত এইদৰে প্ৰায় ৫ শতাধিক কণ কণ শিশুৰপৰা আৰম্ভ কৰি ডেকা গাভৰুৱে ঢোলবাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে এই কৰ্মশালাখন উদ্বোধন কৰি শৃংখলাবদ্ধতাৰে উপযুক্তভাৱে প্ৰশিক্ষণ দি কণ কণ ছাত্ৰী-ছাত্ৰীসকলক আগবঢ়াই নিব পাৰিলে বিহুৰ নিজস্ব স্বকীয়তা ৰক্ষা কৰিব পাৰিব বুলিও মত ব্যক্ত কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।