ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰতিখন দেশ ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখ গঢ়িলে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াৰ এগৰাকী যুৱতীয়ে। সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱতীগৰাকীৰ নাম লেক্সি আলফৰ্ড। ৩১ মে’, ২০১৯ত লেক্সি আলফৰ্ডে উত্তৰ কোৰিয়াত ভৰি দিয়াৰ লগে লগে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। বিশ্বৰ প্ৰতিখন দেশ ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখ গঢ়িলে লেক্সিয়ে। লেক্সিৰ কাৰণে ভ্ৰমণ সদায়ে জীৱনৰ অন্যতম আকৰ্ষণীয় অংশ আছিল, পিতৃ মাতৃয়ে এক ট্ৰেভেল এজেন্সী চলোৱাৰ বাবে হয়তো সৰুৰে পৰা ক’ব নোৱাৰাকৈ ১৯৬খন সাৰ্বভৌম ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ এক লক্ষ্যৰ আশে পাশে আবৃত হৈ পৰিছিল লেক্সিৰ মন।
ডাঙৰ হোৱাৰ লগে লগে লেক্সিয়ে কম্বোডিয়াৰ পৰা ইজিপ্তলৈ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ উঠিছিল লেক্সি।লেক্সিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি লিখিছে ''মনত পৰাৰে পৰা যাত্ৰা সদায়ে মোৰ জীৱনৰ অংশ। মোৰ অভিভাৱকে মোক বিদ্যালয়ৰ পৰা উলিয়াই ঘৰুৱা শিক্ষা গ্ৰহণ কৰিবলৈ লগাই দিছিল আৰু এয়া সপ্তাহ, মাহজোৰাকৈ প্ৰতিবছৰে অব্যাহত আছিল।মই আগতীয়াকৈ যাবলগীয়া ঠাইখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰো। নিজৰ বিমান, সস্তীয়া থকাৰ ব্যৱস্থাৰ বিষয়ে সকলো যোগাৰ কৰি লৈছিলো। মই হোটেলৰ বিষয়ে লিখাৰ বিনিময়ত থকাৰ সুবিধাও গ্ৰহণ কৰিছিলো। ইয়াৰ লগতে মাহেকৰ খৰছ কমাবলৈ মই যিমান পাৰো মা–দেউতাৰ সৈতে একেলগে থকাৰ অভ্যাস কৰিছিলো। মই গাড়ী ক্ৰয় কৰা নাই বা ছাত্ৰ ঋণ নাই লোৱা। মোৰ কোনো অদৰকাৰী সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস নাই।ইমান কম বয়সত এনে চিন্তা জীৱনাদৰ্শ সচাঁকৈ আদৰণীয়।’’