04/01/2022 - 14:57
in
বিলাসীপাৰাঃ মূল্যবৃদ্ধিক লৈ বিলাসীপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে সম্প্ৰতি দেশ তথা ৰাজ্যত দৈনন্দিন অত্যাবশ্যকীয় সামগ্ৰীৰ অস্বাভাবিক মূল্যবৃদ্ধিয়ে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণ জনতাৰ। অস্বাভাবিক হাৰত হৈ থকা মূল্যবৃদ্ধিক লৈ বিলাসীপাৰাৰ চিৰাকুটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ, হিমন্ত বিশ্ব হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গান দিয়াৰ লগতে মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান সংগঠনটোৱে।