অসমৰ বানাক্ৰান্তৰ কাষত চনু সুদ

 06/27/2022 - 17:23
 
 
নিউজ ডেস্কঃ চনু সুদৰ দ্বাৰা পৰিচালিত সুদ চেৰিটী ফাউণ্ডেশ্যনে সোমবাৰে অসমৰ তিনিখন বানাক্ৰান্ত জিলাত বিতৰণ কৰিব সাহায্য। টুইটাৰত প্ৰকাশ কৰিছে অভিনেতা চনু সুদে। বান বিধ্বস্ত হোজাই, দৰং আৰু মৰিগাঁও জিলাত চনু সুদৰ ফাউণ্ডেশ্যনে প্ৰদান কৰিব সাহায্য। এই সন্দৰ্ভত এটা জৰুৰী হেল্পলাইন নম্বৰো প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। হেল্পলাইন নম্বৰটো হৈছে- ৯১০২২ ৯১৩৩৩। বানৰ এনে সংহাৰী প্ৰলয়ৰ সময়ত বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।