‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ পদ যাত্ৰা বিজেপিৰ দুই যুৱ নেতাৰ, বিজনীত আদৰণি বিজেপি যুৱ মৰ্চাৰ

 07/06/2022 - 15:28
 
 
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰলগত সংগতি ৰাখি শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ পদ যাত্ৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ শ্ৰীৰামপুৰৰ দুই যুৱ নেতাৰ। তিনি জুলাইত শ্ৰীৰামপুৰৰ পৰা পদ যাত্ৰা আৰম্ভ কৰি আজি নিশা ৯ মান বজাত চিৰাং জিলাৰ বিজনীত আহি উপস্থিত হয় এই দুই যুৱ নেতা।
 
পদ যাত্ৰাত অংশ লোৱা শ্ৰীৰামপুৰৰ যুৱ মৰ্চাৰ এই যুৱ নেতা দুজন ক্ৰমে শ্ৰীৰামপুৰ যুৱ মৰ্চাৰ সভাপতি সঞ্জীৱ শীল আৰু যুৱ মৰ্চাৰ স্বচ্ছতা আহ্বায়ক সুজিত চন্দ।পদ যাত্ৰা কৰি বিজনীত আহি উপস্থিত হোৱা যুৱক দুজনক বিজনীত আদৰণি জনায় ভাৰতীয় জনতা যুৱ মৰ্চাৰ চিৰাং জিলাৰ সাধাৰণ সম্পাদক ৰাকেশ দাসে।
 
যুৱকদ্বয়ে আজি বিজনী জিৰণি চৰাত নিশা যাপন কৰি কালিলৈ পুনৰ পদ যাত্ৰা আৰম্ভ কৰি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ পত্ৰ প্ৰদান কৰিব বুলি জানিব দিয়ে।আনহাতে পদ যাত্ৰাকাৰী যুৱকদ্বয়ে স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰি ৰাষ্ট্ৰীয় ঘাইপথত মৃত কুকুৰ গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।