গৰম আৰু sunburn

 07/12/2022 - 16:28
 দ্ৰুতগতিত বাঢ়িবলে আৰম্ভ কৰিছে গৰম৷ গৰমৰ প্ৰভাৱ পত্যক্ষভাৱে আপোনাৰ মুখমণ্ডলতো পৰে৷ গৰমৰ দিনত ৰ’দত ওলালেই প্ৰায় সংখ্যক লোকৰ sunburn হয়৷ sunburn ৰ পৰা ৰক্ষা পাবৰ বাবে ভাল ব্ৰেণ্ডৰ sunscreen লগাবলে নাপাহৰিব৷ অৱশ্যে এনে বহুলোক আছে যাৰ ছালত sunscreen য়ে কাম নিদিয়ে৷ ফলত sunburn ৰ সমস্যা এই সংখ্যক লোকৰ অধিক হয়৷ আজি আমি আপোনালোকক জনাম sunburn য়ে সৃষ্টি কৰা সমস্যাৰ পৰা গৰমত আপোনাৰ ছালখন কেনেকৈ মসৃণ কৰি ৰাখিব৷ 
 
 
১. বেচন, হালধি আৰু নেমু- sunburn ৰ দাগ গুচাবৰ বাবে বেচন, হালধি আৰু নেমু মিহলাই এটা পেষ্ট বনাব লাগে৷ তাৰ পিছত লাহে লাহে মুখমণ্ডলত এটা পলেপ লগাব লাগে৷ এই পেষ্টটো কেনেদৰে বনাব৷
 ক. এটা পাত্ৰত দুচামুচ বেচন লওক৷ 
খ. এচামুচ হালধি গুড়ি 
গ. এফাল নেমু ৰস 
ঘ. পাত্ৰটোত এতিয়া অলপ পানী দি নেমু হালধি আৰু বেচনেৰে মিশ্ৰণটো বনাওক
ঙ.মিশ্ৰণ লগোৱাৰ ১৫ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক৷ 
 
 
২.ছালকুঁৱৰী- ছালকুঁৱৰী(এল’ভেৰা) ছালৰ উজ্জ্বলতাৰ বাবে ছালকুঁৱৰীক মহৌষধি বুলি জনা যায়৷ ছালকুঁৱৰীৰ ৰসে ছালখন ৰোগমুক্ত কৰে৷ কেনেদৰে লগাব ছালকুঁৱৰী আপোনাৰ মুখমণ্ডলত৷ 
ক. ছালকুঁৱৰী (এল’ভেৰা) জেল মুখ আৰু গলত ভালদৰে লগাওক 
খ. ২৫ মিনিট পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷
 
 ৩. দৈ, নেমু আৰু মৌ- দৈ, নেমু আৰু মৌৰ মিশ্ৰণেৰে মুখৰ দাগ নোহোৱা কৰাত যথেষ্ট পৰিমাণে সহায় কৰে৷ 
ক. এটা পাত্ৰত দুই চামুচ দৈ লওক 
খ. এচামুচ মৌ দৈৰ সৈতে মিহলি কৰক৷ 
গ. দৈ আৰু মৌ ত ৪ চামুচ নেমুৰ ৰস ভালদৰে মিহলি কৰক৷
ঘ. এতিয়া এই মিশ্ৰণটো ২৫  মিনিটৰ বাবে মুখমণ্ডলত লগাওক৷ 
ঙ. এতিয়া ঠাণ্ডা পানীৰে ধুই দিয়ক৷ 
 
৪. দৈ আৰু হালধি- দৈ আৰু হালধিৰ উপকাৰীতা প্ৰতিগৰাকী সুন্দৰী নাৰীৰ বাবে এক পৰিচিত বিষয়৷ অতিতৰে পৰা গৰমৰ দিনত ছালৰ উজ্জ্বলতা বঢ়াবৰ বাবে পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰি আহিছে দৈ আৰু হালধি৷দৈ আৰু হালধি কেনেদৰে ব্যৱহাৰ কৰিব৷ 
ক. এটা পাত্ৰত ৩ চামুচ দৈ লওক 
খ. দৈ ৰ সৈতে এচামুচ হালধি মিহলি কৰক৷ 
গ. ২০ মিনিট মুখমণ্ডলত লগোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷ 
 
মনত ৰাখিব গৰমৰ দিনত অধিক পৰিমাণে পানী আৰু ফল খোৱাতো বাঞ্চনীয়৷ পানী আৰু ফলৰ ৰসে দেহ সুস্থ কৰাৰ লগতে ছালখনো উজ্জ্বল কৰি তুলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।