ন-দুৱাৰ সংগীত বিদ্যাপীঠ, চতিয়াৰ উদ্যোগত বৰগীতৰ দহদিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান

 08/02/2022 - 16:18
 
 
 
জামুগুৰিহাটঃ চতিয়াৰ নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত বৰগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সোমবাৰে নিশা প্ৰশিক্ষাৰ্থী কণ কণ চেমনীয়া শিশুসকলৰপৰা প্ৰশিক্ষাৰ্থী যুৱতী মহিলাসকলৰ কণ্ঠৰে নিগৰা গুৰুজনাৰ সৃষ্টিৰাজী বৰগীতৰ সুৰ আৰু কণ্ঠৰ ধবনিয়ে অঞ্চলটোৰ চৌপাশ বিয়পাই তোলে৷ ১০ দিনীয়াকৈ অনুষ্ঠিত বৰগীতৰ এই প্ৰশিক্ষণ কালছোৱাত প্ৰশিক্ষাৰ্থীসকলক বৰগীতৰ কহৰী উৰ্দ্ধব, মন হজহু, বিৰিন্দামনে খেলত আৰু ঐচন মোহন এই চাৰিটা ভাগত প্ৰশিক্ষণ প্ৰদান কৰে বৰপেটাৰ বিজয় চন্দ্ৰ বায়ণে৷
 
 
নিশা চতিয়াৰ নাট্যভৱনত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলে গুৰুজনাৰ সৃষ্টিৰাজী বৰগীত সমস্বৰে পৰিৱেশন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ লগতে এককভাৱেও বৰগীত পৰিৱেশন কৰাৰ উপৰিও অনুষ্ঠানটিত আমন্ত্ৰিত শিশু বাঁহীবাদক শিল্পী বেদান্ত ফুকনেও বাঁহীৰ সুৰত বৰগীত পৰিৱেশন কৰি উপস্থিত সহস্ৰাধিক ৰাইজক আপ্লুত কৰাৰ উপৰিও নদুৱাৰ সংগীত বিদ্যাপিঠৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া নৃত্যইও মোহিত কৰে উপস্থিত দৰ্শকসকলক৷ উল্লেখ্য যে দহদিনীয়া বৰগীতৰ এই প্ৰশিক্ষণৰ কালছোৱাত গুৰুজনাৰ সৃষ্টিৰাজীৰ প্ৰতি আকৰ্ষিত হৈ ইছলাম ধৰ্মাৱলম্বী বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰি বৰগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।