ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বিশ্ব মাতৃ দুগ্ধ সপ্তাহ পালন

 08/04/2022 - 16:51
 
 
 ঢকুৱাখনাঃ বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে বিশ্ব স্তনপান সপ্তাহ। বিশেষকৈ নতুনকৈ মাতৃত্ব লাভ কৰা মহিলাসকলে সঠিক আৰু শুদ্ধ পদ্ধতিৰে তেওঁলোকৰ নৱজাতক সন্তানটোক স্তন পাণ কৰাইছেনে নাই এই সমূহ বিষয়ত প্ৰসুতি সকলক সজাগ কৰাবলৈ এই বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচী সমূহ গ্ৰহণ কৰা হৈছে। সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা অনান্য কাৰ্যসূচীৰ লগতে শিশু সকলৰ পুষ্টিহীনতা প্ৰতিৰোধৰ উদেশ্যেও এই স্তন্যপাণ সপ্তাহ কাৰ্যসূচীত আলোকপাত কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে আজি ঘিলামৰা সংহত শিশু বিকাশ প্ৰকল্পৰ সৌজন্যত ঘিলামৰাৰ মেৰকাঠনি অংগণবাদী কেন্দ্ৰত এক সজাগতা সভাৰ লগতে এক সজাগতা মূলক ৰেলিয়ো বাহিৰ কৰা হয়। স্তনপাণৰ উপৰিও গৰ্ভৱতী মহিলা সকলৰ উপযোগী খাদ্যৰ সম্পৰ্কেও সভাত বিষদ ভাৱে আলোচনা কৰা হয় ।অনুষ্ঠানত উপস্থিত থাকে ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া অনিৰুদ্ধ বৰা, চুপাৰভাইজাৰ দীপামণি শইকীয়া, ঘিলামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী, পোষণ কৰ্মী, আশা কৰ্মী তথা অংগণবাদী কৰ্মী, সহায়িকাৰ লগতে স্থানীয় গৰ্ভৱতী মহিলাসকল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।