জামুগুৰিহাটত কহুৱাৰ নান্দনিক সৌন্দৰ্য্যই হাতবাউলি মাতিছে সকলোকে, জীয়া ভৰলীৰ দুয়োপাৰ উপচি ফুলিছে শুভ্ৰ কহুৱা

 09/13/2022 - 12:29
 
 
 জামুগুৰিহাটঃ শৰতৰ আগমনৰ লগে লগে শোণিতপুৰৰ জামুগুৰিহাট তথা অসম অৰুণাচল সীমান্তৰ জীয়া ভৰলী নদীৰ দুয়োপাৰে ওপচি ফুলিছে শুভ্ৰ কহুৱা। দুয়োপাৰে চকুৰে মনিব নোৱাৰা পৰ্য্যন্ত ফুলি থকা শুভ্ৰ কহুৱাই স্বাভাৱিকভাবেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। ভৰলীৰ পাৰত বতাহত হালি-জালি নাচি থকা কহুৱা বনে মন্ত্ৰমুগ্ধ কৰিছে সকলোকে। জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলীৰ দলংৰ ওপৰৰে পাৰ হৈ যোৱা প্ৰতি গৰাকী ব্যক্তিয়েই উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কহুৱাৰ নয়নাভিৰাম দৃশ্য। ইয়াৰোপৰি জীয়া ভৰলীৰ পাৰত অৱস্থিত বিশাল কৃষি পাম 'কন্যকা' ৰ বক্ষতো শৰৎৰ বতৰত ফুলা কহুৱাৰ দৃশ্যই মনপ্ৰাণ হৰি নিছে এতিয়া সকলোকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।