ঘগ্ৰাপাৰৰ বনভাগ মহাবিদ্যালয়ৰ ৩৪ তম নৱাগত আদৰণি সভা

 09/13/2022 - 18:56
 
 
নলবাৰীঃ নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ আজি ৩৪ সংখ্যক নবাগত আদৰণি সভা অনুষ্ঠিত হয়। কাৰ্যসূচী মতে ৰাতিপুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ সভাপতি মুনিন্দ্ৰ ৰাজবংশী আৰু শ্বহীদ তৰ্পন কৰে পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি জগত তালুকদাৰে। দিনৰ ১২ বজাত শিক্ষাবিদ অচ্যুত গোস্বামীয়ে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰি অধ্যক্ষ যোগেন্দ্ৰ কলিতাই কয় যে বৰ্তমান ভোগবাদী মন টেগ কৰি ছাত্ৰ ছাত্ৰী সকলে মানুহ হোৱাৰ দিশলৈ আগবাঢ়ি যাব লাগিব আৰু শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ মোবাইল ফোন নিষিদ্ধ ঘোষণা কৰে।
 
আনহাতে সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰি ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক তথা শিক্ষাবিদ মনহৰি কলিতাই ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশৰ ওপৰত বক্তব্য দিয়াৰ উপৰিও অধ্যয়ন অবিহনে শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ বুলি মন্তব্য কৰে। আনহাতে উক্ত সভাতে অইন বছৰৰ দৰে এই বছৰ  শিক্ষানুষ্ঠানখনৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী সংগীতা ডেকাক মহাবিদ্যালয়খনৰ প্ৰতিস্থাপক সভাপতি উত্তম চন্দ্ৰ ডেকা ডেকা সোঁৱৰণী শৈক্ষিক বঁটা২০২২ প্ৰদান কৰা হয়। উত্তম চন্দ্ৰ ডেকাৰ পৰিয়ালৰ হৈ ৰাতুল চন্দ্ৰ ডেকাই পৰিচালনা কৰা উক্ত বঁটাত আছে এখন ফুলাম গামোচা , ফুলাম জাপি ,কিতাপৰ টোপলা মানপত্ৰ ,কলম আদি। ইয়াৰ পিছতে গীত-মাত,নৃত্য আদিৰে পৰিৱেশ মুখৰিত হয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।