চাপৰত উপস্থিত ৰিপুন বৰা

 09/14/2022 - 16:27
 
 
 
 
 
চাপৰঃ লক্ষীমপুৰ মেডিকেল কলেজৰ চতুর্থ বৰ্গৰ ফলাফলক লৈ তৃণমূল কংগ্রেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উচিত তদন্তৰ দাবী। ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ৰিপুন বৰাৰ তীব্র প্ৰতিক্ৰিয়া, বৰাই কয় যে, অসম আৰক্ষীৰ ওপৰত বিশ্বাস নাই, সেই কাৰণে পুলিচৰ তদন্ত বিচৰা নাই, এইটোৰ ওপৰত এটা নিৰপেক্ষ ন্যায়িক তদন্ত হব লাগে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এগৰাকী মহিলাই চাকৰি দিয়াৰ ক্ষেত্ৰত যি অভিযোগ উত্থাপন কৰিছে সেই সন্দৰ্ভত ৰিপুন বৰাই কয় যে যিহেতু ভৱেস কলিতাও এগৰাকী সাধাৰণ নাগৰিক আৰু আইন সকলো নাগৰিকৰ কাৰণে সমান সেই হিচাপে তেওঁকো আইনৰ আওতাত আনিব লাগে আৰু মহিলা গৰাকীয়ে উত্থাপন কৰা অভিযোগ চৰকাৰে তদন্ত কৰিব লাগে৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কা"ৰ বিষয়ে কংগ্রেছত থাকোতে বুজা নাছিল কিন্তু বিজেপিত আহি কা" বুজি উঠিল বুলি কৰা মন্তব্য সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া, ৰূপজ্যোতি কুৰ্মীয়ে কি কয় কি নকয় সি নিজেই ধৰিব নোৱাৰে, মিডিয়াত ওলাবৰ কাৰণে তেওঁ এই বোৰ কথা কয় কা"ৰ ক্ষেত্ৰত তৃণমূল কংগ্রেছ সদায় বিৰোধিতা কৰি যাব৷আগন্তুক লোক সভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব দিয়ে তৃণমূল কংগ্রেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।