NEET পৰীক্ষাত উত্তীৰ্ণ ৰাশিদুলক গৌৰীপুৰৰ আশাৰীকান্দি বিদ্যালয়ত বিপুল সম্বৰ্ধনা

 09/14/2022 - 17:39
 
 
গৌৰীপুৰঃ আশাৰীকান্দি হজৰত আয়েশা মডেল একাডেমী নামৰ বিদ্যালয়ত আজি উখল-মাখল পৰিৱেশ। কাৰণ এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৰাশিদুল ইছলাম। আশাৰীকান্দিৰ লালমোহনেৰ আলগা গাঁৱৰ বাসিন্দা তথা শিক্ষক আবু বক্কৰ ছিদ্দিকৰ পুত্ৰ হৈছে ৰাশিদুল হক। সদ্যঘোষিত সৰ্বভাৰতীয় যোগ্যতাৰ বাছনি পৰীক্ষা NEETত উত্তীৰ্ণ হয় এই গৰাকী ৰাশিদুল। Hal Ful Fazal Society নামৰ এনজিঅ দ্বাৰা পৰিচালিত বিদ্যালয় খনত আজি এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌৰীপুৰ পি বি কলেজৰ প্ৰাক্তন অধ্যক্ষ আব্দুল হানিফ তালুকদাৰ প্ৰমুখ্যে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল। সভাখনত NEET উত্তীৰ্ণ ৰাশিদুলক বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ব্যক্তি সকলে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। সভাখনত মুখ্য অতিথি প্ৰাক্তন অধ্যক্ষ আব্দুল হানিফ তালুকদাৰে,NEET উত্তীৰ্ণ ৰাশিদুলক উদ্দেশি প্ৰথম তেওক এজন ভাল মানুহ আৰু পাছত এজন ভাল চিকিৎসক হোৱাৰ আহ্বান জনায়। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই ৰাশিদুলক শুভেচ্ছা বাণী পত্ৰ প্ৰদান কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।