লাহৰিঘাট গ'লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰক সম্বৰ্ধনা

 09/15/2022 - 12:08
 
 
লাহৰিঘাটঃ সদ্যঘোষিত নিট পৰীক্ষাত সফলতা অৰ্জন কৰা লাহৰিঘাট অঞ্চলৰ চাৰিজন মেধা ছাত্ৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই লাহৰিঘাট গ'লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই উল্লেখ্য যে লাহৰিঘাট অঞ্চলত বিজ্ঞান, বাণিজ্য আৰু কলা শাখা তথা তিনিওটা শাখা থকা একমাত্ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় লাহৰিঘাট গ'লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বুধবাৰে লাহৰিঘাট গ'লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত স: ঘোষিত নিট পৰীক্ষাত সফলতা অৰ্জন কৰা লাহৰীঘাট অঞ্চলৰ চাৰিজন মেধা ছাত্ৰ-ছাত্ৰীক জাপি,ফোলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চাৰিজন ছাত্ৰ-ছাত্ৰী ক্ৰমে-মেৰাজুল ইছলাম-৬০৫,মিজানুৰ ৰহমান-৫৫৩,স্বাকিল মৌল্লা-৫৪২ আৰু আজিজুল ইছলাম-৫৪১ নম্বৰ পাবলৈ সক্ষম হৈছে। প্ৰত্যেক জন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মত ব্যক্ত কৰি কয় যে নিট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ হলে লক্ষ্য স্থিৰ কৰিব লাগিব, উদেশ্য মহান হ'ব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব পাৰিলে সম্ভৱ হ'ব পাৰে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব। সম্বৰ্ধনা অনুষ্ঠানত কলেজ খনৰ অধ্যক্ষ মুজিবৰ ৰহমান,হবিবুৰ ৰহমান ছাৰৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।