গৌৰীপুৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ত Engineer's day পালন

 09/15/2022 - 17:45
 
 
গৌৰীপুৰঃ ১৫ চেপ্তেম্বৰত ভাৰত ৰত্ন sir Mokshagundam Visvesvaraya ৰ জন্মদিন উপলক্ষে Engineer's Day হিচাপে পালন কৰা হয়। আজি তেখেতৰ ১৬১ তম জন্মদিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে লোক নিৰ্মাণ বিভাগৰ গৌৰীপুৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ কাৰ্যালয়ত Engineer's Day পালন কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে লোক নিৰ্মাণ বিভাগৰ ধুবুৰী মহকুমা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শান্তনু দাস দেৱে। সহকাৰী কাৰ্যবাহী অভিযন্তা বনজিত অধিকাৰীয়ে পৰিচালনা কৰা এই সভাত পথ,ব্ৰীজ আৰু ইয়াৰ গুণগত মানদণ্ডৰ ওপৰত মননশীল ব্যক্তব্য আগবঢ়াই ক্ৰমে ৱাচিম আক্ৰাম আহমেদ, চামচুজ জামান আৰু আবু ৱাহিদ ৰহমানে। উক্ত উপ সংমণ্ডলত প্ৰশিক্ষণ লব অহা একাংশ ছাত্ৰক Engineer 's Day ৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰশিক্ষণ আগবঢ়ো হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।