মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নামেৰে নামাংকিত মাধৱদেৱ বিশ্ববিদ্যালয়ত গুৰুজনাৰ তিৰোভাব তিথি পালন

 09/15/2022 - 19:56

 

নাৰায়্ণপুৰঃ আজি নাৰায়্ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত মহাপুৰুষ জনাৰ তিৰোভাব তিথি ভাগ অতি উলহ-মালহেৰে উদযাপন কৰা হয়৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ উদ্যোগত আজি দিনজোৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আজি গুৰুজনাৰ তিথি উদযাপন কৰা হয়৷ উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সমূহ বিভাগৰ দ্বাৰা দিহানাম,বৰগীত,দলীয় দিহানাম আৰু চালি নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়তাৰে ভিতৰত শিক্ষতত্ব বিভাগে দলীয় দিহানামত শ্ৰেষ্ঠ দলৰূপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দিবাকৰ চন্দ্ৰ ডেকাৰ লগতে পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাৰ লগতে নাৰায়্ণপুৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বিশিষ্ট ব্যক্তিকেইজনৰ তত্বগধূৰ ধৰ্মীয় ভাষণক উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে শলাগ লয়লগতে এইবাৰ গুৰুজনাৰ এই তিৰোভাব তিথিভাগ আয়োজন কৰি অতি গৌৰৱ অনুভৱ কৰিছো বুলি মত পোষণ কৰে বিশ্ববিদ্যালখনৰ উপাচাৰ্য ডঃ দিবাকৰ চন্দ্ৰ ডেকাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।