মৰিগাঁৱৰ নৱ নিযুক্ত উপায়ুক্ত দেবাশীষ শৰ্মাৰ মৈৰাবাৰীৰ কেইবাখনো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিদৰ্শন

 09/16/2022 - 19:49

 

লাহৰীঘাটঃ কিছুদিন পূৰ্বে মৰিগাঁৱৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে আজি ৰাতিপুৱা ৯ বজাত এদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ মৈৰাবাৰী পৰিদৰ্শনৰ উদ্দেশ্যি অঞ্চলটোত উপস্থিত হয়। কেইবাটাও কাৰ্যসূচীৰে মৈৰাবাৰীত উপস্থিত হৈ ৰাতিপুৱা দহ বজাত মৈৰাবাৰীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে। উপায়ুক্ত গৰাকীৰ লগত সংগ দিয়ে মৈৰাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী শাহনাজ চুলতানাৰ লগতে অঞ্চলটোৰ বহু কেইজন গণ্যমান্য ব্যক্তিয়ে। শেষত মৈৰাবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সদস্য আৰু মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত আলোচনা কৰাৰ লগতে মৈৰাবাৰী এম ই মাদ্ৰাছা,মৈৰাবাৰী গ্ৰাম্য হাস্পতাল,মৈৰাবাৰী আৰক্ষী থানা,মৈৰাবাৰী বৃদ্ধ আশ্ৰম,নিচামুক্তি কেন্দ্ৰ,মৈৰাবাৰী গাঁও পঞ্চায়ত আদিত উপস্থিত হৈ অনুষ্ঠান কেইখন পৰিদৰ্শন কৰাৰ লগতে মৈৰাবাৰীৰ পাটেকীবড়িত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থানত উপস্থিত হৈ ভকত সকলৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ লগতে আহাৰ গ্ৰহণ কৰে।নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে মৈৰাবাৰী অঞ্চলখনৰ উন্নতিৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক পাৰ্যমানে দিয়া হব বুলিও সাংবাদিক সকলৰ আগত ব্যক্ত কৰে।উপায়ুক্ত গৰাকীৰ মৈৰাবাৰী অঞ্চলৰ উন্নতিৰ বাবে দেখোওৱা উদাৰতাৰ বাবে অঞ্চলটোৰ সচেতন মহলৰ মাজত ব্যাপক জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।