জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই ভাই-ককায়ে

 09/18/2022 - 13:56

 

বটদ্ৰৱাঃ শাৰীৰিকভাৱে সক্ষম পিতৃ মহিৰুদ্দিনৰ দুই পুত্ৰই লাভ কৰিলে আৰক্ষীৰ চাকৰি। জুৰীয়াৰ মাহেৰীপাৰৰ মহিৰুদ্দিন আহম্মেদৰ দুই পুত্ৰ শিৰাজুল আলম আৰু শ্বাহিদুল আলমে আৰক্ষীৰ চাকৰি লাভ কৰি উৎফুল্লিত হৈ পৰে। শ্বাহিদুলে Commandoত আৰু শিৰাজুল ইউবিত নিযুক্তি পায়।

 

দুখীয়া ঘৰৰ এই দুই সন্তানে নিজৰ সফলতাত অসম চৰকাৰ তথা আৰক্ষী বিভাগক স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। এটকাও নিদিয়াকৈ নিজৰ দক্ষতাৰ ভিত্তিত এই চৰকাৰখনে চাকৰিত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে শিৰাজুল আৰু শ্বহিদুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।